অসমীয়া ভাৱ সম্প্ৰসাৰণ
অসমীয়া সাহিত্য আৰু ব্যাকৰণৰ এটা অতি গুৰুত্বপূৰ্ণ তথা সাৰুৱা দিশ হ’ল ভাৱ সম্প্ৰসাৰণ (Expansion of Idea)। আমাৰ সমাজত প্ৰচলিত বিভিন্ন ফকৰা-যোজনা, নীতিবচন বা মহৎ লোকৰ অমূল্য বাণীসমূহৰ মাজত একো একোটা গভীৰ সত্য লুকাই থাকে। এই চুটি বাক্যবোৰৰ অন্তৰ্নিহিত তাৎপৰ্যটোক যুক্তি আৰু উদাহৰণেৰে বহলাই ব্যাখ্যা কৰাই হ’ল ভাৱ সম্প্ৰসাৰণৰ মূল উদ্দেশ্য।